Show/Hide Keyboard Layout

হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ

- বিষ্ণুপ্ৰসাদ ৰাভা

হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ

সেই ফুল তুমি ছিঙিবানে ?

যি ফুলৰ পাহি যতনে মেলিলোঁ

সেই পাহি তুমি চুমিবানে ?

সাদৰে বুলোৱা হিয়াৰ বোলেৰে

সানিলোঁ সি ফুল প্ৰেমৰ ৰসেৰে

সি ফুলৰ প্ৰিয়ে ! প্ৰণয় সুৰভি

হেপাহেৰে তুমি শুঙিবানে ?

হৃদয় জৰীৰে গঁথা যিটো মালা

উলাহে এদিন ডিঙিত লৈছিলোঁ

সেই মালাধাৰি আজি অযতনে

অৱহেলি তুমি পেলাবানে ?

Hits: 2774